গুৱাহাটীৰ খানাপাৰাৰত ১০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই কয়, যে এই মেলা পশুপালকৰ আয় বৃদ্ধিৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে। কৃষি ক্ষেত্ৰৰ উন্নতি দেশৰ শক্তি আৰু সমৃদ্ধিৰ আধাৰ বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কৃষক তথা পশুপালকসকলৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জন কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ কৃষক সমাজক এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত গোলাঘাট জিলাৰ ৰঙামাটিৰ জোনজোন শইকীয়ালৈ ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালক বঁটা আগবঢ়োৱা হয়। একেদৰে নলবাৰী জিলাৰ প্ৰণৱ কলিতাক শ্ৰেষ্ঠ ঘাঁহ খেতিয়ক আৰু বঙাইগাঁও জিলাৰ যশৱন্ত বৰ্মনক কণী উমনি দিয়া যন্ত্ৰ উদ্ভাৱনৰ বাবে বঁটা প্ৰদান কৰা হয়। ৰাজ্যপালগৰাকীয়ে এখন স্মৰণিকাৰ লগতে হাঁহ-কুকুৰা পালন বিষয়ক এখন পুস্তিকাও উন্মোচন কৰে। পশু পালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপৰিও আজিৰ অনুষ্ঠানত পশু পালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Assamese | January 12, 2025 7:49 PM | Pashudhan aru Hah-kukura Mela
গুৱাহাটীৰ খানাপাৰাত পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ সামৰণি