ৰাজকোটত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া ক্রিকেট খেলত ভাৰতীয় মহিলা দলটোৱে আয়াৰলেণ্ডক ১১৬ ৰাণত পৰাস্ত কৰিছে। প্ৰথমে বেটিং কৰি ভাৰতে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ৩৭১ ৰাণৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি আয়াৰলেণ্ডৰ দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৫৪ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ দীপ্তি শৰ্মাই তিনিটা আৰু প্ৰিয়া মিশ্ৰই দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেট ধৰি ভাৰতে নিজৰ ইনিংছত ৫ উইকেটৰ বিনিময়ত ৩৭০ ৰাণ সংগ্ৰহ কৰে। জেমাইমা ৰদ্ৰিগজে ৯১ টা বলত এদিনীয়া খেলত নিজৰ প্ৰথমটো শতক অৰ্জন কৰে। হৰলিন দেওলে ৮৯, অধিনায়ক স্মৃতি মান্ধানাই ৭৩ আৰু প্ৰতীকা ৰাৱলে ৬৭ ৰাণৰ বৰঙণি আগবঢ়ায়। আজিৰ জয়ৰ ফলত ভাৰতে তিনিখনীয়া শৃংখলাটোত ২-০ৰ ব্যৱধানত জয় নিশ্চিত কৰিছে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল ১৫ জানুৱাৰীত অনুষ্ঠিত হ’ব।
Assamese | January 12, 2025 8:35 PM | ICC Woman Match
দ্বিতীয়খন এদিনীয়া মহিলা ক্রিকেট খেলত ভাৰতীয় দলে আয়াৰলেণ্ডক ১১৬ ৰাণত পৰাস্ত কৰে