চিৰাং জিলাৰ বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে বিদ্যালয় প্রাঙ্গণত কালি আৰু আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আজি আলোচনাচক্ৰ আৰু মুকলি সভা অনুষ্ঠিত হয়। বৰপেটাৰ হাউলী ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰণজিৎ কুমাৰ কলিতাৰ পৌৰহিত্যত মাতৃভাষাৰ প্ৰতি নৱপ্ৰজন্মৰ দায়িত্ব শীর্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। বিটিচিৰ পাৰিষদ তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্রদীপ কুমাৰ বায়নে আলোচনাচক্ৰ আৰু মুকলি সভাখন উদ্বোধন কৰে। আলোচনাচক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র ত্রিদিপ ভাগৱতীয়ে অসমত ২৫ বছৰ পূৰ্বে জাতীয় বিদ্যালয়সমূহ প্ৰতিষ্ঠাৰ জৰিয়তে অসমীয়া ভাষাৰ উত্তৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে বুলি উল্লেখ কৰে। এই আলোচনাত ইউ এছ টি এমৰ অধ্যাপক আব্দুল ওৱাদুদ শ্বেখো উপস্থিত থাকে। ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা আভা নামৰ এখন স্মৃতিগ্ৰন্থ বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে উন্মোচন কৰে।
Assamese | January 12, 2025 7:53 PM | Chirang District
চিৰাং জিলাৰ বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী পালন