September 18, 2026 8:55 PM

views 7

চম্পাৱতী আৰু আই নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত চিৰাং জিলাৰ কেইবাখন গাঁও প্লাবিত

চিৰাং জিলাৰ আই নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। বানৰ ফলত জিলাখনৰ ছিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনপাৰা, গৰসিংপাৰা আৰু থাইগেৰগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে। চুবুৰীয়া ভুটানৰ পৰা নামি অহা পানীৰ ঢলে চম্পাৱতী নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাত নৈপৰীয়া বহু অঞ্চল প্লাবিত হয়। অঞ্চলটোৰ কেইবাটাও পকী পথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যবস্থা বন্ধ হৈ পৰে। জিলাখনত হঠাৎ হোৱা বানৰ খবৰ লাভ কৰাত বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, ছিদলীৰ বিধায়ক পানীৰাম ব্রহ্ম, জিলা আয়ুক্ত...

July 30, 2026 4:02 PM

views 24

চিৰাং জিলাৰ গয়বাৰীত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন

চিৰাং জিলাৰ গয়বাৰীত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। ১৯৯৬ চনৰ ৩০ জুলাইত কোকৰাঝাৰ চহৰত আততায়ীৰ গুলীত প্ৰাণ হেৰুওৱা এবছৰ তদানীন্তন সভাপতি জৌহৌলাও সৌমল্লা বসুমতাৰীৰ স্মৃতিত শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে বাৰ্তা প্ৰেৰণৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই এই দিৱস পালন কৰি আহিছে। এই উপলক্ষে আজি এবছুৰ বৰ্তমানৰ সভাপতি খৌৰম দাও ৱাৰিয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে শান্তিৰ প্ৰতীক কপৌ চৰাই উৰুৱাই দিয়া হয়। দিৱসৰ সৈতে সংগতি ৰাখি ৰক্তদান শি...

July 20, 2025 7:58 PM

views 52

চিৰাং জিলা অংগনবাড়ী কর্মীসকলক স্মার্ট মোবাইল ফোন প্ৰদান কাৰ্যসূচী মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শুভাৰম্ভ কৰে

চিৰাং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আজি কাজলগাঁওস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জিলাখনৰ অংগনবাড়ী কর্মীসকলক স্মার্ট মোবাইল ফোন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ মুঠ ১০২৯ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট মোবাইল ফোন প্ৰদান কৰা হ'ব। এই অনুষ্ঠানতে চিৰাং জিলাৰ মুঠ ৫১৩১গৰাকী জনজাতীয় লোকক বনাঞ্চলৰ ভূমি অধিকাৰৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ পৰা চাৰিগৰাকী লোকক চিকিৎসা আৰু উচ্চ শি...

February 16, 2025 6:56 PM

views 59

অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাসৰ মৃত্যু

চিৰাং জিলাৰ বিজনীৰ বিশিষ্ট সমাজকৰ্মী, ক্রীড়া সংগঠক তথা অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাসৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৬০ বছৰ। যকৃৎ ৰোগত আক্ৰান্ত দাসক কিছুদিন পূর্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সদ্য প্রয়াত দাসে অসম আন্দোলনৰ অগ্ৰণী নেতা হিচাপে আগভাগ লোৱাৰ উপৰি বিজনী ৰঙালী উদযাপন সমন্বয় সমিতি, অসম নাট্য সন্মিলনৰ বিজনী শাখা, বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে বিজনী জিলা ক্রীড়া সন্থাৰ সৈতে জড়িত আছিল। তেওঁ অসম...

January 12, 2025 7:53 PM

views 66

চিৰাং জিলাৰ বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী পালন

চিৰাং জিলাৰ বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে বিদ্যালয় প্রাঙ্গণত কালি আৰু আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আজি আলোচনাচক্ৰ আৰু মুকলি সভা অনুষ্ঠিত হয়। বৰপেটাৰ হাউলী ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰণজিৎ কুমাৰ কলিতাৰ পৌৰহিত্যত মাতৃভাষাৰ প্ৰতি নৱপ্ৰজন্মৰ দায়িত্ব শীর্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। বিটিচিৰ পাৰিষদ তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্রদীপ কুমাৰ বায়নে আলোচনাচক্ৰ আৰু মুকলি সভাখন উদ্বোধন কৰে। আলোচনাচক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱ...

December 29, 2024 9:08 PM

views 43

চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত কোচ-ৰাজবংশী ভাষা বন্দনা সমাৰোহ অনুষ্ঠিত

চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে কোচ-ৰাজবংশী ভাষা বন্দনা সমাৰোহ অনুষ্ঠিত হয়। কোচ-ৰাজবংশী ভাষা অধ্যয়ন গৱেষণা আৰু উন্নয়ন সমিতিৰ সচিব মঞ্জু বৰুৱাৰ পৌৰহিত্যত এই অনুষ্ঠান অনুষ্ঠিত হয়। সমাৰোহত কোচ-ৰাজবংশী ভাষা ব্যাকৰণ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলৰ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ।