September 18, 2026 8:55 PM | Chirang District

printer

চম্পাৱতী আৰু আই নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত চিৰাং জিলাৰ কেইবাখন গাঁও প্লাবিত

চিৰাং জিলাৰ আই নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। বানৰ ফলত জিলাখনৰ ছিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনপাৰা, গৰসিংপাৰা আৰু থাইগেৰগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে।

চুবুৰীয়া ভুটানৰ পৰা নামি অহা পানীৰ ঢলে চম্পাৱতী নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাত নৈপৰীয়া বহু অঞ্চল প্লাবিত হয়। অঞ্চলটোৰ কেইবাটাও পকী পথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যবস্থা বন্ধ হৈ পৰে।

জিলাখনত হঠাৎ হোৱা বানৰ খবৰ লাভ কৰাত বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, ছিদলীৰ বিধায়ক পানীৰাম ব্রহ্ম, জিলা আয়ুক্ত গোকুল চন্দ্র ব্রহ্মসহ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি পর্যবেক্ষণ কৰে।