চিৰাং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আজি কাজলগাঁওস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জিলাখনৰ অংগনবাড়ী কর্মীসকলক স্মার্ট মোবাইল ফোন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ মুঠ ১০২৯ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট মোবাইল ফোন প্ৰদান কৰা হ’ব। এই অনুষ্ঠানতে চিৰাং জিলাৰ মুঠ ৫১৩১গৰাকী জনজাতীয় লোকক বনাঞ্চলৰ ভূমি অধিকাৰৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ পৰা চাৰিগৰাকী লোকক চিকিৎসা আৰু উচ্চ শিক্ষাৰ বাবে ২০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয়। চিৰাঙৰ পানবাৰীত প্ৰগতিশীল কৃষক পদ্মশ্ৰী সৰ্বেশ্বৰ বসুমতাৰীলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আয়ুষ্মান গোল্ডেন কার্ডো মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে প্ৰদান কৰে। অনুষ্ঠানত স্থানীয় বিধায়ক, বি টি চিৰ কাৰ্যবাহী সদস্য আৰু চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাসহ ভালেসংখ্যক বিষয়া-কৰ্মচাৰী আৰু অংগনবাড়ী কর্মী উপস্থিত থাকে।
Assamese | July 20, 2025 7:58 PM | Chirang District
চিৰাং জিলা অংগনবাড়ী কর্মীসকলক স্মার্ট মোবাইল ফোন প্ৰদান কাৰ্যসূচী মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শুভাৰম্ভ কৰে