চিৰাং জিলাৰ বিজনীৰ বিশিষ্ট সমাজকৰ্মী, ক্রীড়া সংগঠক তথা অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাসৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৬০ বছৰ। যকৃৎ ৰোগত আক্ৰান্ত দাসক কিছুদিন পূর্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সদ্য প্রয়াত দাসে অসম আন্দোলনৰ অগ্ৰণী নেতা হিচাপে আগভাগ লোৱাৰ উপৰি বিজনী ৰঙালী উদযাপন সমন্বয় সমিতি, অসম নাট্য সন্মিলনৰ বিজনী শাখা, বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে বিজনী জিলা ক্রীড়া সন্থাৰ সৈতে জড়িত আছিল। তেওঁ অসম ভলীবল দলৰ অধিনায়ক হিচাপেও দায়িত্ব পালন কৰিছিল। মৃত্যুৰ সময়ত দাসে জ্যেষ্ঠ ভাতৃ তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, পত্নী, পুত্র, কন্যাৰ লগতে বহু গুণমুগ্ধক এৰি থৈ যায়। আজি তেওঁৰ নশ্বৰদেহ বিজনীৰ বাসভৱনলৈ অনাৰ পাছত বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়সহ কেইবাটাও দল- সংগঠনে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
Assamese | February 16, 2025 6:56 PM | Bhupen Das | Chirang District
অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাসৰ মৃত্যু