ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়া সচিব তথা প্ৰাক্তন ক্রিকেট খেলুৱৈ দেৱজিত শইকীয়াই আজি আনুষ্ঠানিকভাৱে বিচিচিআইৰ নতুন সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহালে এয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰি নৱনিযুক্ত সচিব শ্ৰীশইকীয়াই ভাৰতীয় ক্রিকেটক বিশ্বৰ মঞ্চত উজলাই তুলিব বুলি আশা প্রকাশ কৰে। উল্লেখযোগ্য যে যোৱা মাহত জয় শ্বাহে আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ বি চি চি আইৰ সচিবৰ পদ ত্যাগ কৰিবলগীয়া হৈছিল।
Assamese | January 12, 2025 7:46 PM | Debajit Saikia BCCI Secretary
প্ৰাক্তন ক্রিকেট খেলুৱৈ দেৱজিত শইকীয়াৰ বিচিচিআইৰ নতুন সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ