ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্রগতি লাভ কৰিছে। ই চেজাৰ আৰু টার্গেট উপগ্ৰহক ৩ মিটাৰ দূৰত্বত আনি পুনৰ নিৰাপদ দূৰত্বলৈ লৈ যোৱাত সফল হৈছে। ইছৰোয়ে তথ্য বিশ্লেষণ কৰিহে ডকিং প্রক্রিয়া সম্পন্ন কৰা হব বুলি সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে।
আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছত এই কৃতিত্ব অর্জন কৰা চতুৰ্থখন দেশ হিচাপে ভাৰত পৰিগণিত হব। ইছৰোৰ দ্বাৰা বিকশিত থলুৱা ভাৰতীয় ডকিং ব্যৱস্থা সফল হ’লে ইয়াৰ প্ৰস্তাৱিত ভাৰতীয় অন্তৰীক্ষ ষ্টেচনত কাম কৰিবলৈ ইছৰোক অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে
Assamese | January 12, 2025 6:44 PM | ISRO
স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত অগ্রগতি লাভ