উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কাইলৈ বিশ্বাস আৰু মানৱতাৰ মহামেলা মহাকুম্ভ অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া তীর্থযাত্ৰীসকলৰ সুবিধাৰ অর্থে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাকুম্ভত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে মহানগৰীখনলৈ বৃহৎ সংখ্যক লোকৰ আগমন ঘটিছে। সাংস্কৃতিক মন্ত্ৰ্যালয়ে দেশৰ চহকী আৰু প্ৰাণবন্ত সংস্কৃতিক তুলি ধৰাৰ বাবে প্ৰয়াগৰাজত কলাগ্ৰামৰ আয়োজন কৰিছে। আজি সন্ধিয়া কেন্দ্রীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্র সিং শেখাৱাটে এই কলাগ্রাম উদ্বোধন কৰিব। এই কলাগ্রাম হৈছে কলা সংস্কৃতি আৰু ঐতিহ্যৰ অনন্য নিদর্শন। নাগ বাসুকি অঞ্চলৰ ১০ একৰ মাটিত এই কলাগ্ৰাম সৃষ্টি কৰা হৈছে।
Assamese | January 12, 2025 6:54 PM | Mahakumbh 2025
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সোমবাৰৰ পৰা মহাকুম্ভ আৰম্ভ