● দমদমা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উদ্যোগত দমদমা মহাবিদ্যালয়ত কালি কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত সমল ব্যক্তি হিচাপে বিশিষ্ট আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱণী বৰা আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ইন্দ্রজিৎ দাস উপস্থিত থাকে। দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শর্মাই উদ্বোধন কৰা এই অনুষ্ঠানত কামৰূপ জিলা সাহিত্য সভা আৰু দমদমা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি মৌন প্রার্থনা জনোৱা হয়৷
Assamese | November 4, 2025 10:41 AM | Akashvani | Akashvani Guwahati | Local news
■ দমদমা মহাবিদ্যালয়ত কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত