● নগাঁও জিলা প্রশাসনে আজি ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাইছে। প্রশাসনে ৪ খন বুলডজাৰৰ সহায়ত প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰাৰ বাবে অভিযান চলাইছে। এই উচ্ছেদ অভিযান যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰবাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী সাজু কৰি ৰখা হৈছে। জিলা প্ৰশাসনে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভৰ পাছতে একাংশ পৰিয়ালে ইতিমধ্যে সেই ঠাই এৰি আঁতৰি গৈছে। আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হ’ব।
Assamese | December 5, 2025 2:37 PM | Aakashbani | Akashvani | Akashvani Guwahati | Assam Eviction | Nagano
ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ নগাঁও জিলা প্রশাসনৰ