July 4, 2026 10:57 AM | Kusik Roy

printer

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হৈ কয়, যে এই আয়োগত মুঠ সাতজন সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম দুগৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ’ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ৰাজ্যৰ ধান ক্রয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰী ৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহে অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্রয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ-বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰা হয়।