July 4, 2026 10:57 AM

views 13

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হৈ কয়, যে এই আয়োগত মুঠ সাতজন সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম দুগৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰ...

May 24, 2025 6:11 PM

views 25

চিৰাংত বিজেপিৰ দলীয় নেতা-কৰ্মীৰ সৈতে কৌশিক ৰায়ৰ মত বিনিময়

খাদ্য, অসামৰিক আৰু যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে দুদিনীয়া ভ্ৰমণসূচীৰে চিৰাং জিলাত উপস্থিত হৈ আজি বিজেপিৰ দলীয় নেতা-কৰ্মীৰ সৈতে মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্রমণসূচীত জিলাখনত ৭খনকৈ মণ্ডল পৰ্যায়ৰ সভাত অংশগ্ৰহণ কৰিব। মন্ত্ৰী শ্ৰীৰায়ে আজি নিচিমা মণ্ডলত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে কাজলগাঁৱত ব্লক পৰ্যায়ৰ এখন কর্মীসভাতো তেওঁ অংশগ্রহণ কৰে।