ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰিব। তৃণমূল পৰ্যায়ত প্ৰশাসন আৰু উন্নয়নত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এইবাৰ বিভিন্ন শিতানত মুঠ ৪৫ খন পঞ্চায়তক বাছনি কৰা হৈছে। মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই গাঁও পঞ্চায়তলৈ আজি ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে শিশুৰ বাবে অনুকুল পঞ্চায়ত শীৰ্ষক বিষয়ত পঞ্চায়তখনে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আজি এই বঁটা প্ৰদান অনুষ্ঠানত বিভাগীয় কেন্দ্ৰীয় ৰাজীৱ ৰঞ্জন সিঙে বঁটা বিজয়ী পঞ্চায়তসমূহৰ অভিনৱ আৰু প্ৰভাৱশালী পদ্ধতি সম্বলিত এখন পুস্তিকা উন্মোচন কৰিব। মন্ত্ৰ্যালয়ে বিবৃতিযোগে কয়, যে এই বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে অন্যান্য পঞ্চায়তসমূহক উত্তম পদ্ধতি গ্ৰহণ কৰিবলৈ আৰু দেশৰ গ্ৰামাঞ্চলসমূহৰ সামগ্রিক উন্নয়নত অৰিহনা যোগাবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য লোৱা হৈছে।
Assamese | December 11, 2024 10:26 AM | Droupadi Murmu | President of india
ৰাষ্ট্ৰপতি মুৰ্মুৱে দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰিব