ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ নতুন দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ উপস্থিত থাকিব। প্ৰতিবছৰে ১১ ফেব্ৰুৱাৰীত প্রখ্যাত ইউনানি চিকিৎসক শিক্ষাবিদ আৰু মুক্তিযুজাৰু হাকিম আজমল খানৰ জয়ন্তী উপলক্ষে ইউনানি দিৱস পালন কৰা হয়। আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ইউনানি ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদে দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে।
Assamese | February 10, 2025 8:30 PM | Droupadi Murmu | President of india
ৰাষ্ট্ৰপতি মুর্মুৱে কাইলৈ দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব