ৰাজ্যৰ সাম্প্ৰতিক বানত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত বানত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। ইপিনে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইবাখনো ৰে’লৰ যাত্ৰা আংশিকভাৱে বাতিল কৰিছে।
Assamese | June 4, 2024 10:55 AM | Assam Flood
ৰাজ্যৰ সাম্প্ৰতিক বানত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত