ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটৰ ৰাসথলীত কালি ইংলেণ্ড, স্কটলেণ্ডকে ধৰি বহিঃৰাষ্ট্ৰৰ পৰা অহা ১৭ জনীয়া পৰ্যটকৰ এটা দলে ৰাসলীলা উপভোগ কৰে। নদীপথেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ দলটোৱে নিশা শিলঘাটত নদীৰ বুকুত জাহাজতে অতিবাহিত কৰাৰ পাছত আজি পুৱা পুনৰ কাজিৰঙা দৰ্শনৰ বাবে যাত্ৰা কৰে। ইপিনে, বাক্সা জিলাত ৯২ সংখ্যক পূব খাগ্ৰাবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাসলীলাই অগণন লোকক মুগ্ধ কৰিছে। এই ৰাসলীলা উপভোগ কৰিবলৈ বহু লোকৰ সমাগম হৈছে।
Assamese | November 10, 2025 5:38 PM | Aakashbani Guwahati | Akashvani | Krishna | Krishna Raas Assam
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশ