ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত দংৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। বহৰি, বাঘবৰ সংযোগী মথাউৰিটোত বিগত এমাহ ধৰি হোৱা খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰাত জিলাখনৰ বৃহৎ অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জল সম্পদ বিভাগৰ বৰপেটা সংমণ্ডলে জৰুৰীকালীন বপ্যৱস্থাৰ অংশ হিচাপে খহনীয়া অব্যাহত থকা অংশত জিঅ’ বেগ সংস্থাপন কৰি প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিবলৈ তৎপৰতা অব্যাহত ৰাখিছে। জলসম্পদ সংমণ্ডলে প্রকাশ কৰা মতে অঞ্চলটোৰ ৩০০ মিটাৰ অংশজুৰি ব্ৰহ্মপুত্ৰৰৰ খহনীয়া অব্যাহত আছে।
Assamese | May 29, 2025 7:58 PM | Akashvani News | Assam | erosion | Local news
ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে