প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰী মোদীক অৱগত কৰে।
প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধন-জন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।