ৰাজ্যত কালিৰে পৰা জীৱিকা অভিযান ভিবি জি-ৰামজি আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য-প্রযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয়, যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি ১২৫ দিনৰ নিশ্চিত কর্ম-সংস্থাপন প্রদানেৰে গ্ৰাম্য অৰ্থনীতি সৱল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয়, যে কামৰ বাবে আবেদন, আৱণ্টন আৰু মজুৰি প্ৰদান প্রক্রিয়া পূৰ্বতকৈ অধিক ক্ষীপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ’ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্রাম্য আন্তঃগাঁথনি নির্মাণ, জল সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ বাবে দুহেজাৰ ১৪৪ কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে ১ কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে।
চিৰাং, কামৰূপ, যোৰহাট, বজালী, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো কালি আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়।