ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ চতুৰ্থ বর্ষপুর্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কাইলৈৰ পৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহ পালন কৰা হ’ব। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্ৰতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ দিনটো শিক্ষণ- শিকন সামগ্ৰীৰ দিন, পৰহিলৈ এফ এল এন দিন, ৭ আগষ্টৰ দিনটো ক্রীড়া দিন, ৮ আগষ্টত সাংস্কৃতিক দিন, ৯ আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপ দিন, ১০ আগষ্টত বিদ্যালয় পৰিপুষ্টি দিন আৰু ১১ আগষ্টৰ দিনটো সম্প্রদায় জড়িতকৰণ দিন হিচাপে পালন কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ জৰিয়তে শিক্ষা জগতলৈ অহা পৰিৱৰ্তন তথা সফলতাসমূহ এই কাৰ্যসূচীৰ জৰিয়তে প্রতিফলিত কৰিব বিচৰা হৈছে।
Assamese | August 4, 2024 7:05 PM | Assam Education
ৰাজ্যত কাইলৈৰ পৰা ১১ আগষ্টলৈ পালন কৰা হ’ব শিক্ষা সপ্তাহ