● ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ’ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। পূৰ্বতে গৃহমন্ত্রী অমিত শ্বাহ এই কার্যসূচীলৈ অহাৰ কথা আছিল যদিও এতিয়া স্মাৰক ক্ষেত্ৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত থাকিব বুলি ৰাজ্য চৰকাৰৰ সূত্ৰত প্ৰকাশ। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূর্ণগতিত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে এই ছহিদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্রেক্ষাগৃহ, প্রার্থনা গৃহ, চাইকেল ট্রেক, আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্রদর্শনীৰো ব্যৱস্থা থাকিব। জিলা আৰু সম জিলা মুখ্য কার্যালয়সমূহতো সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে ছহিদ দিৱস পালন কৰা হ’ব।
Assamese | December 5, 2025 2:46 PM | Aakashbani Guwahati | Akashvani News
ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ’ব