September 23, 2026 11:08 AM | 72 film festival award

printer

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কালি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুল-য়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুইফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ-প্রযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ। বঁটা গ্ৰহণ কৰাৰ পাছতে পৰিচালক যদুমণি দত্তই এনেদৰে মনৰ ভাৱ ব্যক্ত কৰে।

অনুষ্ঠানত কিংবদন্তী অভিনেতা অনন্ত নাগক ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ২০২৪ বৰ্ষৰ সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় ৷

আদিত্য সুহাস জাম্ভালৰ দ্বাৰা পৰিচালিত ARTICLE 370 নামৰ ছবিখনক শ্রেষ্ঠ ছবিৰ স্বৰ্ণ কমল বঁটা প্ৰদান কৰা হয়। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্র শ্রীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আৰু কাৰ্তিক আয়ান আৰু মামুটিলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হয়। আনহাতে য়ামী গৌতমে ARTICLE 370-ত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।

সুমিৰা ৰায়ে পৰিচালনা কৰা ভংগাৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হয়। শ্রেষ্ঠ ছুটি ছবিৰ বঁটা লাভ কৰে মাৰাঠী ভাষাৰ ছবি হামছফৰে। আনহাতে ষ্টেচ্যু অৱ ইউনিটি – একতা কা প্রতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হয়। পৰত 41 ডিগ্ৰীচায়া মগৱৰ নামৰ তথ্যচিত্ৰখনৰ সংগীত পৰিচালনাৰ বাবে শিৱপাল সিং কাঙক শ্রেষ্ঠ সংগীত পৰিচালনাৰ বঁটা প্ৰদান কৰা হয়। আনহাতে, সঞ্জীৱ শ্ৰীবাস্তৱলৈ শ্ৰেষ্ঠ চলচ্চিত্র সমালোচকৰ বঁটা আগবঢ়োৱা হয়।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁৰ ভাষণত বঁটা প্ৰাপকসকলক অভিনন্দন জনায় আৰু প্ৰযুক্তিবিদ, চিননেমেটোগ্ৰাফাৰ আৰু পৰ্দাৰ আঁৰত থাকি কাম কৰা অন্য সদস্যসকলৰ অৱদানৰ শলাগ লয়। তেওঁ লগতে ২০২৪ বৰ্ষৰ বাবে দাদাচাহেব ফাল্কে বঁটা লাভ কৰা অনন্ত নাগকো অভিনন্দন জ্ঞাপন কৰে।