ভাৰতীয় সংসদীয় প্রতিনিধি দলে দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত অনুষ্ঠিত হোৱা ৬৯ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অংশগ্ৰহণ কৰিছে। ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশৰ নেতৃত্বৰ এই প্ৰতিনিধি দলটোৰ লগতে সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩২ গৰাকী প্রিচাইডিং অফিছাৰ উপস্থিত থাকে।
ৰাজ্যসভা সচিবালয়ৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি কেপ টাউনত উপস্থিত হৈ ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশে ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ এঞ্জেলা থোকোজিলে ডিডিজা, দক্ষিণ আফ্ৰিকাৰ প্ৰদেশসমূহৰ ৰাষ্ট্ৰীয় পৰিষদৰ উপ-সভাপতি পুবালান গভেণ্ডাৰ আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ উপ-সভাপতিৰ সৈতে কালি দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকসমূহে পাৰস্পৰিক সংসদীয় স্বাৰ্থৰ বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ঘনিষ্ঠ আৰু দীৰ্ঘদিনীয়া সংসদীয় সম্পর্কক অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে।
ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশে ৬৯ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনৰ সাধাৰণ পৰিষদতো “কমনৱেলথৰ বাবে নতুন নেতৃত্বৰ সুযোগ : গণতন্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় আইন শক্তিশালী কৰাৰ বাবে সংসদীয় পদক্ষেপ” শীর্ষক বিষয়বস্তু সন্দৰ্ভত ভাষণ দিব। ৬৯ সংখ্যক সন্মিলনত ভাৰতৰ অংশগ্রহণে কমনৱেলথৰ ভিতৰত সংসদীয় গণতন্ত্র, বিধানসভাৰ সহযোগিতা আৰু আন্তঃসংসদীয় সংযোগ শক্তিশালী কৰাৰ লগতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত শক্তিশালী সংসদীয় সম্পর্ক অধিক ফলপ্রসূ কৰাৰ ক্ষেত্ৰত থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে।