মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাত নির্মীয়মান ৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। সন্মিলন কেন্দ্ৰটোত বাগিছা, প্রেক্ষাগৃহ, প্রদর্শনী স্থান, ৰেষ্টুৰেণ্ট, কাৰ্যালয় কক্ষ, জিৰণি কক্ষ, অতিথিশালা, অভ্যার্থনা কক্ষ, ব্যায়ামাগাৰ, ব্যৱসায়ীক কেন্দ্ৰ, বহুমুখী ভৱন, ৰাজ্যিক অতিথিশালা কক্ষ, সংবাদ মাধ্যম কক্ষ আদি বিভিন্ন সুবিধা থাকিব। মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়ত যথোচিতভাৱে সন্মিলন কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক যাৱতীয় নির্দেশ দিয়ে।
Assamese | March 1, 2025 2:23 AM | CM Himanta Biswa Sarma | CMO Assam
৫ হাজাৰ আসনবিশিষ্ট সন্মিলনকেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ