August 18, 2024 11:45 AM | Nepal Foreign Minister

printer

৫ দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ বিদেশ মন্ত্ৰী ড০ আজু ৰানা দেউবা

নেপালৰ বিদেশ মন্ত্ৰী ড০ আজু ৰানা দেউবা ভাৰতৰ বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে ৫ দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব। বিদেশ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে ভাৰত আৰু নেপালৰ মাজৰ শীৰ্ষ পৰ্যায়ৰ নিয়মীয়া বিনিময় কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ড০ দেউবা এই ভ্রমণলৈ আহিব। মন্ত্ৰ্যালয়ে কৈছে যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত নেপাল হৈছে এখন অগ্ৰাধিকাৰৰ দেশ। তেওঁৰ এই ভ্রমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে এই সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব নেপালৰ বিদেশমন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত ৬০ দেউবাই ড০ জয়শংকৰক সাক্ষাৎ কৰি নেপাল আৰু ভাৰতৰ সম্পৰ্ক আৰু সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰিব।