August 18, 2024 8:29 PM

views 52

নেপালৰ বৈদেশিক মন্ত্ৰী ড০ আর্জু ৰাণা দেউবা পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

নেপালৰ বৈদেশিক মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাই আজি আবেলি পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ কাইলৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু  নেপালৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ বিনিময় পৰম্পৰাৰ সৈতে সংগতি ৰাখি দেউবাই ভাৰত ভ্ৰমণ কৰিছে। মন্ত্ৰ্যালয়ে প্রকাশ কৰে যে, ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত নেপাল উল্লেখযোগ্য মিত্ৰদেশ। এই ভ্রমণে দুয়োপক্ষক দ্বিপাক্ষিক সহযোগিতাৰ অগ...

August 18, 2024 11:45 AM

views 47

৫ দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ বিদেশ মন্ত্ৰী ড০ আজু ৰানা দেউবা

নেপালৰ বিদেশ মন্ত্ৰী ড০ আজু ৰানা দেউবা ভাৰতৰ বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে ৫ দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ'ব। বিদেশ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে ভাৰত আৰু নেপালৰ মাজৰ শীৰ্ষ পৰ্যায়ৰ নিয়মীয়া বিনিময় কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ড০ দেউবা এই ভ্রমণলৈ আহিব। মন্ত্ৰ্যালয়ে কৈছে যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিত নেপাল হৈছে এখন অগ্ৰাধিকাৰৰ দেশ। তেওঁৰ এই ভ্রমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে এই সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদ...