প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সমাজৰ সংস্কাৰৰ লক্ষ্যৰে ভালেসংখ্যক যুৱক-যুৱতীয়ে সমূহীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্রীমোদীয়ে জনসাধাৰণক মাই গভ, নমো এপযোগে দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ লগতে ১৮০০১১৭৮০০ নম্বৰত ফোন কৰি বাৰ্তা বাণীবদ্ধ কৰিবলৈও জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।
Assamese | July 20, 2024 6:23 PM | air maan ki baat | narendra modi | PM Modi
২৮ জুলাইত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান