কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে কালি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্রহণ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গৃহমন্ত্রী অমিত শ্বাহে কয়, যে এই অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ ভাৱনা আৰু গৌৰৱবোধক অধিক শক্তিশালী কৰি তুলিছে।
নতুন দিল্লীৰ নিজৰ বাসগৃহৰ পৰা এই অভিযানত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে কয়, যে দেশৰ কোটি কোটি নাগৰিক ত্ৰিৰংগ পতাকাৰ সৈতে একাত্ম হৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক সুদৃঢ় কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে সমগ্র দেশে হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে।
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে তোলা এখন আলোকচিত্ৰ শ্বেয়াৰ কৰিছে।