● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাইলৈ পাঁচদিনীয়া নৰৱে’ আৰু ডেনমার্ক ভ্রমণসূচীৰে ৰাওনা হ’ব। ন’ৰৱেত শ্ৰী সোণোৱালে অছলোত নৰ ছিপিং বাণিজ্য মেলা আৰু সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত মহাসাগৰ সম্পৰ্কীয় এখন উচ্চ পর্যায়ৰ বৈঠকত ভাষণ দিব আৰু প্ৰথমটো ভাৰতীয় মণ্ডপ মুকলি কৰিব। তেওঁ লগতে সন্মিলনত ভাগ লোৱাৰ সুযোগতে জাপান আৰু নৰ’ৱেৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব আৰু ইউৰোপৰ আগশাৰীৰ নৌ পৰিবহণ কোম্পানী, প্রযুক্তি বিকাশক আৰু যন্ত্রাংশ নির্মাতাৰ সৈতে মত-বিনিময় কৰিব। ডেনমার্কত মন্ত্ৰীগৰাকীয়ে কোপেনহেগেন ব্যৱসায় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে ভাৰতৰ উন্নত বিকাশ যাত্ৰা আৰু অৰ্থনৈতিক সুযোগ সম্পর্কে আলোচনা কৰিব। তেওঁ লগতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰুওৱা ভাৰতীয় নাগৰিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰাৰ উদ্দেশ্যে মিন্নেহেলন দ্যা হল অব বিমেম্বেৰেঞ্চ স্মাৰক পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ লগতে ব্যক্তিগত খণ্ডৰ আগশাৰীৰ কোম্পানীৰ এটা প্ৰতিনিধি দলো যাব।
Assamese | June 1, 2025 11:49 AM | Akashvani | Akashvani News | Sarbanada sonowal
সোমবাৰৰ পৰা ৫ দিনীয়া নৰৱে’ আৰু ডেনমার্ক ভ্রমণসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল