সেৱা পৰ্বৰ অংশ হিচাপে বৰপেটা জিলাত আজি শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ প্ৰায় ৬০০ শিক্ষানুষ্ঠানৰ ৪৫ হাজাৰ গছপুলি ৰোপণ কৰা হ’ব। অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতে আজি তিনিখন শিক্ষানুষ্ঠানত এই কাৰ্যসূচী আৰম্ভ কৰে।
Assamese | September 19, 2025 8:07 PM | Akashvani | Akashvani Guwahati | Local news
সেৱা পৰ্বৰ অংশ হিচাপে বৰপেটাত শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ