৫খন দেশলৈ যোৱা এটা সর্বদলীয় প্রতিনিধি দলক নেতৃত্ব দিয়া জে ডি ইউৰ সাংসদ সঞ্জয় ঝাই প্রতিনিধি দলটোৱে ইয়াৰ ভ্রমণকালত বিভিন্ন বৈঠকত অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী স্থিতিৰ বিষয়ে ফলপ্রসূভাৱে অৱগত কৰা বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে অপাৰেচন সিন্দূৰৰ বিষয়ে বিশ্বৰ বিভিন্ন দেশক অৱগত কৰোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে গঠন কৰা দলটোৰ ইন্দোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ ফলপ্রসূ আছিল। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী ঝাই কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত দলটোৱে ভ্ৰমণ কালত লাভ কৰা মতামত আৰু দিহা-পৰামৰ্শ সন্দৰ্ভত প্রতিবেদন দাখিল কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি দলটোৰ কাম-কাজৰ শলাগ লোৱা বুলিও তেওঁ মন্তব্য কৰে।
Assamese | June 11, 2025 6:03 PM | Akashvani News | operation sindoor | Sanjay-Jha
সর্বদলীয় প্রতিনিধি দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী স্থিতিৰ বিষয়ে ফলপ্রসূভাৱে অৱগত কৰিছেঃ সঞ্জয় ঝা