দক্ষিণ ভাৰতৰ তাঞ্জাভুৰৰ মুথাৰায়াৰ সাম্ৰাজ্যৰ ছুভাৰান মাৰাণ হিচাপে পৰিচিত সম্ৰাট পেৰুম্বিডুগু মুথাৰায়াৰ দ্বিতীয়ৰ স্মৃতিত কালি মুকলি কৰা এটা ডাক টিকট সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত এই ডাক টিকট মুকলি কৰে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সামাজিক মাধ্যমযোগে দিয়া এটা উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে সম্রাট পেৰুম্বিডুগু মুথাৰায়াৰ এগৰাকী দক্ষ, তীক্ষ্ণধী আৰু কৌশলী প্রশাসক আছিল। তেওঁ ন্যায় পৰায়ণতা আৰু তামিল সংস্কৃতিৰ পুৰোধা হিচাপে পৰিচিত আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে সম্রাট পেৰুম্বিডুগু মুথাৰায়াৰ দ্বিতীয়ৰ অনন্য জীৱন আৰু কৰ্মৰ বিষয়ে অধ্যয়ন কৰিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়।
Assamese | December 15, 2025 12:14 PM | PM Modi
সম্ৰাট পেৰুম্বিডুগু মুথাৰায়াৰ দ্বিতীয়ৰ স্মৃতিত উলিওৱা ডাক টিকট সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ