September 27, 2026 12:05 PM | World Tourism Day Assam

printer

ডিমা হাচাও জিলাৰ উমৰাংছ’ত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন

বিশ্বৰ বিভিন্ন স্থানত আজি বিশ্ব পর্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্রতি ২৭ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে: পর্যটন খণ্ডক নতুন ৰূপত বিকশাই তোলাৰ বাবে ডিজিটেল কাৰ্যসূচী আৰু কৃক্রিম বুদ্ধিমত্তা।

ডিমা হাচাও জিলাৰ উমৰাংছ’ত আজি প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰা হৈছে। ডিমা হাচাওৰ প্ৰাকৃতিক সৌন্দর্য্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে।

এই অনুষ্ঠানত হ’বলগীয়া আলোচনাত অসমত পর্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্রিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব। অনুষ্ঠানত পর্যটন মন্ত্রী অজন্তা নেওগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব।