ভাৰতৰ সন্ত্রাসবিৰোধী কঠোৰ স্থিতিৰ বিষয়ে বিশ্ববাসীক অৱগত কৰোৱাৰ উদ্দেশ্যে ভিন ভিন দেশ অভিমুখে ৰাওনা হ’বলগীয়া বহুদলীয় সাংসদৰ আন এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রিয়ে আজি সন্ধিয়া বাৰ্তালাপ কৰিব। উল্লেখযোগ্য যে বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডা, কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু এন চি পিৰ সুপ্রিয়া ছুলে নেতৃত্বাধীন বহুদলীয়া প্ৰতিনিধি দলকেইটা কাইলৈ আৰু বিজেপিৰ সাংসদ ৰৱিশংকৰ প্ৰসাদ নেতৃত্বাধীন আন এটা দল পৰহিলৈ তেওঁলোকৰ নিজ নিজ দলৰ নিৰ্ধাৰিত লক্ষ্যস্থান অভিমুখে ৰাওনা হ’ব। বৈজয়ন্ত পাণ্ডা নেতৃত্বাধীন দলটোৱে ছৌদি আবৰ, কুৱেইট, বাহৰেইন আৰু আলজেৰিয়া ভ্ৰমণ কৰিব। শশী থাৰুৰ নেতৃত্বত যাবলগীয়া দলটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, পানামা, গায়ানা, ব্রাজিল আৰু কলম্বিয়া, সুপ্রিয়া ছুলেৰ নেতৃত্বৰ দলটোৱে ইজিপ্ত, কাটাৰ, ইথিঅ’পিয়া আৰু দক্ষিণ আফ্ৰিকা আৰু ৰবিশংকৰ প্ৰসাদ নেতৃত্বাধীন দলটোৱে ব্রিটেইন, ফ্রান্স, জার্মানী, ইউৰোপীয় সংঘ, ইটালী আৰু ডেনমার্ক ভ্ৰমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে ভিন ভিন দেশৰ নেতৃবৰ্গক অৱগত কৰাব।
Assamese | May 23, 2025 4:01 PM | Akashvani News | Bikram Misri Press Meet | vikram mishri
সন্ত্রাসবিৰোধী কঠোৰ স্থিতিৰ বিষয়ে বিশ্ববাসীক অৱগতৰ উদ্দেশ্যে বহুদলীয় সাংসদৰ অন্য এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রিয়ে সন্ধিয়া বাৰ্তালাপ কৰিব