অসমৰ যোৰহাট জিলাৰ এগৰাকী আদর্শ খেতিয়ক তথা সদৌ অসম সাঁচি খেতিয়ক সন্থাৰ প্ৰতিষ্ঠাপক বিকাশ বৰালৈ ভাৰত বিকাশ সংগম নামৰ এটা ৰাষ্ট্রীয় সংস্থাই ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা আগবঢ়াইছে। অসমৰ সাঁচি গছক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে শ্ৰীবৰাৰ নেতৃত্বৰ এটা দলে ৰাজ্য চৰকাৰৰ সাঁচি নিধিৰ অধীনত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। অহা ৫ ফেব্ৰুৱাৰীত কৰণাটকত হ’বলগীয়া এটা অনুষ্ঠানত খেতিয়কগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি আদৰ্শ খেতিয়কগৰাকীক অভিনন্দন জ্ঞাপন কৰে।
Assamese | December 19, 2024 5:28 PM | Akashvani
সদৌ অসম সাঁচি খেতিয়ক সন্থাৰ প্ৰতিষ্ঠাপক বিকাশ বৰালৈ ভাৰত বিকাশ সংগম নামৰ ৰাষ্ট্রীয় সংস্থাৰ ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা