সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে নতুন দিল্লীত আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপধ্যায়, সমাজবাদী পাৰ্টীৰ সাংসদ ৰাম গোপাল যাদৱ, বিজেপিৰ সাংসদ সস্মিত পাত্ৰ আৰু ডি এম কে সাংসদ টি আৰ বালুৰ লগতে অন্য বহুকেইগৰাকী সাংসদে এই বৈঠকত অংশ লৈছে। বৈঠকত সংসদৰ অধিবেশনৰ সকলো কাৰ্যসূচী সুলকমে চলাই নিবলৈ চৰকাৰে আটাইবোৰ দলৰে সহযোগিতা আশা কৰিছে।
Assamese | January 30, 2025 3:34 PM | Parliament House | Parliament Session
সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে নতুন দিল্লীত সর্বদলীয় বৈঠক অনুষ্ঠিত