August 14, 2026 9:52 AM | parliament both

printer

সংসদৰ উভয় সদনৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখাৰ পাছত কালি বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়। 

অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাৰ কাম-কাজ অনির্দিষ্ট কাললৈ স্থগিত ৰখাৰ পূৰ্বে দিয়া সামৰণি মন্তব্যত উচ্চ সদনৰ সভাপতি চি পি ৰাধাকৃষ্ণণে সদনৰ কাম-কাজ বাৰে বাৰে ব্যাহত হোৱাক লৈ উদ্বেগ প্রকাশ কৰে। তেওঁ কয়, যে সদনৰ মজিয়া সকলোৰে বাবে খোলা যদিও সদস্যসকলে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰাৰ বাবে লাভ কৰা সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাটো দুখৰ কথা। 

সদনে অৱশ্যে অধিৱেশনৰ সময়ছোৱাত ১২ খনকৈ বিধেয়ক গ্রহণ কৰি ইয়াৰ বিধায়িনী দায়িত্ব পালন কৰিবলৈ সমর্থ হয় বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰী ৰাধাকৃষ্ণণে কয়, যে অধিৱেশনৰ সময়ছোৱাত মাত্ৰ ৩৭ ঘণ্টা আৰু ৪৯ মিনিটতহে কাম-কাজ হয় আৰু সেই অনুসাৰে অধিৱেশনৰ সময়ছোৱাত কাম-কাজৰ হাৰ ৩৯.১৭ শতাংশ হৈছে।