August 14, 2026 9:52 AM
15
সংসদৰ উভয় সদনৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি
সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখাৰ পাছত কালি বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাৰ কাম-কাজ অনির্দিষ্ট কাললৈ স্থগিত ৰখাৰ পূৰ্বে দিয়া সামৰণি মন্তব্যত উচ্চ সদনৰ সভাপতি চি পি ৰাধাকৃষ্ণণে সদনৰ কাম-কাজ বাৰে বাৰে ব্যাহত হোৱাক লৈ উদ্বেগ প্রকাশ কৰে। তেওঁ কয়, যে সদনৰ মজিয়া সকলোৰে বাবে খোলা যদিও...