নীটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত ৫ দিন ধৰি সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পর্যন্ত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয়।
আজি বিয়লি ২ বজাত ৰাজ্যসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সদনত ৰাষ্ট্ৰীয় গৌৰৱ অপমান নিবাৰণ সংশোধনী বিধেয়কখন উত্থাপন কৰে।
চি পি আই এমৰ নেতা জন ব্ৰিকটাচ আৰু চি পি আইৰ নেতা সন্দোষ কুমাৰে বিধেয়কখনৰ বিৰোধিতা কৰে। সদনত বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে বিৰোধী দলসমূহে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰোধিতাৰে শ্লোগান দিবলৈ আৰম্ভ কৰে। ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশে এই পৰিবেশৰ পৰিপ্ৰেক্ষিতত সোমবাৰ পর্যন্ত সদন স্থগিতৰ কথা ঘোষণা কৰে ।
ৰাজ্যসভাতো আজি দ্বিতীয়বাৰৰ বাবে সদনৰ কাম আৰম্ভ হোৱাৰ পাছতেই সভাপতি চি পি ৰাধাকৃষ্ণণে প্রশ্নকাল আৰম্ভ কৰিবলৈ লোৱা অৱস্থাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত বিৰোধী পক্ষই পুনৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত সদন পুনৰ বিয়লি ২ বজালৈ স্থগিত ৰখা হয় ৷
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভাৰ কাম-কাজ আৰম্ভ হোৱা সময়তে কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সশস্ত্র বাহিনীৰ শ্বহীদসকলৰ প্ৰতি সদনে শ্রদ্ধাঞ্জলি নিবেদন কৰে। অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ ২৬ জুলাইৰ দিনটোত কাৰ্গিল বিজয় দিৱসৰ ২৭ সংখ্যক বাৰ্ষিকী পালন কৰা হ’ব।
এই দিনটো জোৱানসকলৰ অদমনীয় সাহস, শৌৰ্য আৰু চৰম ত্যাগৰ প্ৰতীক হিচাপে চিহ্নিত হৈ ৰোৱা বুলি উল্লেখ কৰি তেওঁ ভৌগোলিক তথা পাৰিপাৰ্শ্বিকতাৰ দিশৰ পৰা অতিশয় প্ৰতিকূল পৰিস্থিতিৰ মাজতো দেশৰ সাৰ্বভৌমত্বক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে ভাৰতীয় সশস্ত্র বাহিনীৰ জোৱানসকলে প্ৰদৰ্শন কৰা অতুলনীয় সাহসৰ শলাগ লয়। মাতৃভূমিৰ সেৱাত জীৱন আহুতি দিয়া এই অমৰ শ্বহীদসকলৰ প্ৰতি সমগ্ৰ দেশবাসীয়েই চিৰদিন কৃতজ্ঞ হৈ থাকিব বুলি শ্ৰীবিৰলাই মত প্ৰকাশ কৰে।
ৰাজ্যসভাতো দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ লগে লগে কৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ৷ ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে কয় যে কার্গিল বিজয় দিৱসে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ জয়লাভৰ স্মৃতি কঢ়িয়াই আনে। এই দিনটোৱে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ হেতু সশস্ত্র বাহিনীৰ বিষয়া আৰু জোৱানসকলে প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক সাহস, শৌর্য তথা কৰ্তব্যনিষ্ঠাক সোঁৱৰাই বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অত্যন্ত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মুখামুখি হৈও অদমনীয় সাহস, দৃঢ় সংকল্পবদ্ধতা আৰু নিঃস্বাৰ্থ উচৰ্গাৰ মনোভাৱ প্ৰদৰ্শন কৰা সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ প্ৰতি সদনে কৃতজ্ঞতা প্ৰকাশ কৰে ৷
উচ্চ সদনেও শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ১ মিনিট সময় মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছত সভাপতিগৰাকীয়ে সদনৰ শূন্যকাল আৰম্ভ কৰিবলৈ লৈ বিৰোধী নেতা মল্লিকার্জুন খাৰ্গেক তেওঁৰ বক্তব্য আগবঢ়াবলৈ অনুমতি দিয়ে। শ্ৰীখাৰ্গেই নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়টো সদনত উত্থাপন কৰে। সেই সময়ত বিষয়টোক লৈ উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সভাপতিগৰাকীয়ে সদন দুপৰীয়া ১২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধীয়ে সদনত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰাৰ বাবে লোকসভাও আজি দিনটোৰ বাবে স্থগিত ৰখা হয় ৷
ইয়াৰ পূৰ্বে দিনৰ ১২ বজাত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো আলোচনা কৰিবলৈ চৰকাৰ প্ৰথম দিনাৰ পৰাই সাজু আছে। কিন্তু কংগ্ৰেছ দলে সৃষ্টি কৰা কিছু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই আলোচনা সম্ভৱ হোৱা নাই। তেওঁ লগতে কয় যে এই বিষয়তো সদনৰ সকলোৱে মিলি আলোচনা কৰিব লাগিব। চোনম ৱাংচুকৰ অনশনৰ বিষয়টোও ৰিজিজুৱে সদনত উত্থাপন কৰে।
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত সকলো দোষীৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আজি অনুষ্ঠিত কৰা কেবিনেট বৈঠকত আলোচনা কৰা হৈছে বুলি ৰিজিজুৱে উল্লেখ কৰে। বিৰোধী দলপতি ৰাহুল গান্ধী তথা তেওঁৰ দলক সদনৰ কাম-কাজসমূহ সুচাৰুৰূপে চলাবলৈ তথা গঠনমূলক সিদ্ধান্ত লোৱাৰ পৰিবেশ বৰ্তাই ৰাখিবলৈও শ্ৰীৰিজিজুৱে অনুৰোধ জনায়।