সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ সিদ্ধান্তৰ বাবে ন্যায়ালয়ে কোনো সময়সীমা নির্ধাৰণ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে প্রকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গভাই নেতৃত্বাধীন এখন সাংবিধানিক বিচাৰপীঠে সংবিধানৰ ১৪৩ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰেৰণ কৰা ১৩টা প্ৰশ্নৰ উত্তৰত কালি এইদৰে পৰামৰ্শ আগবঢ়ায়। শ্ৰীমতী মুৰ্মুৱে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধানসভাত গৃহীত বিধেয়কসমূহত অনুমোদনৰ জনোৱাৰ বাবে সময়সীমা বান্ধি দিব পৰা যায় নেকি বুলি প্রশ্ন উত্থাপন কৰিছিল।
Assamese | November 21, 2025 10:49 AM | Supreme Court
সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মন্তব্য