শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সকলো পৰ্যায়তে পৰিষ্কাৰ পৰিচ্চন্নতাৰ অভ্যাস আৰু প্ৰথাসমূহ আনষ্ঠানিক প্রবৃত্তি পৰিণত কৰাৰ উদ্দেশ্যে মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ পঞ্চম পৰ্যায়ৰ ঘোষণা কৰিছে। অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই অভিযানত দায়িত্বশীল প্রশাসন, স্বচ্ছতা আৰু নাগৰিক কেন্দ্ৰীক দৃষ্টিভংগীৰ প্ৰতি মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰা হ’ব। চৰকাৰে বিভিন্ন মন্ত্ৰালয়, স্থানীয় নিকায় আৰু আঞ্চলিক নিকায়সমূহত আধৰুৱা হৈ থকা কাম-কাজ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
Assamese | September 16, 2025 8:31 PM | Akashvani | Akashvani News | Ministry of Labour & Employment
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান পঞ্চম পৰ্যায়ৰ ঘোষণা