দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি বিয়লি খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান মহবিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত অংশ লয়।
বিশ্ববিদ্যালয়খনৰ উপাচার্য অনুপ বর্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ জনোৱা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত ডিগ্ৰী আৰু ডিপ্লোমা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়।
নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চি পি ৰাধাকৃষ্ণণৰ এয়া প্ৰথম অসম ভ্রমণ বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্রতি এই সংখ্যা ১৪লৈ বৃদ্ধি পাইছে।
পুনৰ ৯খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়ে জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীয়ে অনাগত ৩ বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপি ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে স্বাস্থ্য খণ্ডত গ্রহণ কৰি বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।
অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অগ্রগতিক প্রশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপতবাক্য পাঠ কৰোৱায়। তেওঁ লগতে ছাত্র-ছাত্রীসকলক ডিগ্ৰী আৰু ডিপ্লোমাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।