শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই আজি শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় প্রতিনিধি দলৰ সৈতে শিৱসাগৰলৈ যোৱা নেতা দুজনে শিৱসাগৰৰ নাজিৰাকে ধৰি ১৬ খন জিলাৰ ক্ষয়ক্ষতিৰ বুজ ল’ব।

 দলটোৱে বানত ক্ষতিগ্রস্ত কৃষি, ঘৰ-দুৱাৰ, শৈক্ষিক প্ৰতিষ্ঠান আৰু আন্তঃগাঁথনিৰ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলিও নেতাদ্বয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে বান পীড়িতসকলৰ পুনর্বাসনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা বান ক্ষতিগ্রস্ত লোকলৈ সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি জনসাধাৰণকো সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।