July 25, 2026 8:42 PM
5
শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় প্রতিনিধি দলৰ সৈতে শিৱসাগৰলৈ যোৱা নেতা দুজনে শিৱসাগৰৰ নাজিৰাকে ধৰি ১৬ খন জিলাৰ ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে বানত ক্ষতিগ্রস্ত কৃষি, ঘৰ-দুৱাৰ, শৈক্ষিক প্ৰতিষ্ঠান আৰু আন্তঃগাঁথনিৰ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলিও নেতাদ্বয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে বান পীড়িতসকলৰ পুনর্বাসনৰ বাবে ৰা...