কামৰূপ মহানগৰ জিলাৰ পক্ছ’ আদালতে কালি শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে। পক্ছ’ আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত দোষী সাব্যস্ত কৰি আদালতে অপৰাধীজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। হাতীগাঁও আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।
Assamese | October 17, 2025 12:13 PM | Aakashbani | Akashvani Guwahati | POSCO
শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা