October 7, 2026 8:34 PM
7
নাবালিকাক যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় গোৱালপাৰাৰ বিশেষ পকচো ন্যায়াধীশ আদালতৰ
গোৱালপাৰা জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ পকচো ন্যায়াধীশৰ আদালতে আজি এগৰাকী নাবালিকাক যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। আদালতে ভাৰতীয় দণ্ডবিধি ৩৭৬ (৩) ধাৰাৰ লগতে পকচো আইনৰ ৬ নম্বৰ ধাৰা অনুসৰি এই ৰায় দিয়ে। উল্লেখযোগ্য যে অভিযুক্ত মোমিনুল ইছলাম নামৰ যুৱকজনে ২০২১ চনত এগৰাকী নাবালিকাক যৌন আতিশয্য চলোৱা বুলি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। আদালতে আজি যুৱকজনক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে। একেখন আদালতে পকচো আইনৰ ৬ নম্বৰ ধাৰা অনুসৰ...