August 4, 2026 10:03 AM | murmu on education

printer

শিক্ষা হৈছে চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলাঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে শিক্ষা হৈছে চৰিত্ৰ নিৰ্মাণ, সামাজিক ৰূপান্তৰ আৰু ৰাষ্ট্ৰ গঠনৰ আধাৰশিলা। ওড়িশাৰ কটকত কালি জগদগুৰু কৃপালু বিশ্ববিদ্যালয় মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়সমূহক দক্ষ, সামাজিকভাৱে দায়বদ্ধ নাগৰিকক গুৰুত্ব দিবলৈ আহ্বান জনায়। 

তেওঁ কয়, যে শৈক্ষিক প্রতিষ্ঠানসমূহে ২০৪৭ চনৰ বিকশিত ভাৰত আৰু ২০৩৬ৰ বিকশিত ওড়িশাৰ লক্ষ্যপ্ৰাপ্তিৰ দিশত নির্ণায়ক ভূমিকা পালন কৰিব। তেওঁ উল্লেখ কৰে যে, যুৱ-যুৱতীসকলে যাতে মূল্যবোধৰ শিক্ষা, গৱেষণা, উদ্ভাৱন, উদ্যমিতা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিজৰ সম্ভাৱনাসমূহ অনুভৱ কৰিব পৰাকৈ বিশ্ববিদ্যালয়সমূহে এটা পৰিৱেশ গঢ়ি তুলিব লাগিব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কন্যা, জনজাতীয় শিক্ষার্থী তথা অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাক অগ্ৰাধিকাৰ দিবলৈ বিশ্ববিদ্যালয়ৰ প্ৰতি আহ্বান জনায়।

 বিশ্ববিদ্যালয়সমূহে নৈতিকভাৱে সুদৃঢ় নেতা, নিয়োগ সৃষ্টিকাৰী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ দায়িত্বশীল নাগৰিক গঢ়ি তুলিব লাগে বুলি শ্ৰীমতী মুর্মুৱে মন্তব্য কৰে। উল্লেখযোগ্য যে তিনি দিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু কালি গৃহ ৰাজ্য ওড়িশালৈ গৈছে।