লোকসভাত আজি লোক পৰীক্ষা, অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক, ২০২৬ গৃহীত হয়। বিধেয়কখনৰ জৰিয়তে ২০২৪ চনৰ লোক পৰীক্ষা অসাধু পন্থা আইনখনৰ সংশোধন কৰিব বিচৰা হৈছে। বিধেয়কখনত ১০ বছৰৰ কাৰাবাস, ১০ কোটি টকা পৰ্যন্ত জৰিমণা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে।
এই পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ নিষ্পত্তিৰ নিশ্চিতিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দৈনিক শুনানিৰ বাবে দ্রুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। আৰক্ষী থানাত তথ্যসমূহ লিপিবদ্ধ হোৱাৰ পৰা দুমাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।
বিধেয়কখনৰ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত জন অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জীতেন্দ্র সিঙে এই বিধেয়কখনে সংশোধনী আইনখনক অধিক কঠোৰ কৰি তোলাৰ বাবে ন্যায় প্রদান প্রক্রিয়া তীব্ৰতৰ কৰি তোলাত সহায়ক হ’ব বুলি মন্তব্য কৰে। তেওঁ লগতে উল্লেখ কৰে যে বিধেয়কখনে ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ কল্যানৰ অৰ্থে চৰকাৰৰ দায়বদ্ধতাত দৃঢ়তা প্ৰদান কৰিব।
জে ডি ইউৰ সাংসদ দিলেশ্বৰ কামাইটে সংসদত এই বিধেয়কখন অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয়, যে এই বিধেয়কে শিক্ষা ব্যৱস্থাত স্বচ্ছতা বৃদ্ধিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যত সুনিশ্চিত কৰিব। বিধেয়কখনৰ বিৰোধিতা কৰি আৰ এছ পিৰ সাংসদ এন কে প্রেমাচন্দ্রনে ইয়াত সন্নিবিষ্ট উদ্দেশ্যসমূহ প্ৰাপ্তিৰ ক্ষেত্ৰত বিধেয়কখন পর্যাপ্ত নহয় বুলি উল্লেখ কৰে।
বিধেয়কখন গৃহীত সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয়, যে দেশৰ শিক্ষা ব্যৱস্থা এতিয়া যথেষ্ট ব্যয়বহুল হৈ পৰিছে। তেওঁ অভিযোগ উত্থাপন কৰে যে নীট ইউ জি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে হোৱা ব্যয়ৰ পৰিমাণ দেশৰ শিক্ষাখণ্ড লৈ অনুমোদন জনোৱা বাজেটৰ পৰিমাণতকৈও অধিক ।
তেওঁ লগতে উল্লেখ কৰে যে নীট বিষয়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা হোৱা প্ৰতিবাদ কাৰ্য হিংসা বা ঘৃণাৰ প্ৰকাশ নহয়, বৰঞ্চ যুৱক-যুৱতীসকলৰ মনোভাৱৰ বৰ্হিপ্ৰকাশ আৰু প্ৰতিটো ৰাজনৈতিক দলে এই প্ৰকাশক সন্মান কৰিব লাগিব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু তীব্ৰ বিৰোধিতা কৰে। বিধেয়কখন গৃহীত হোৱাৰ পাছত অধ্যক্ষ ওম বিৰলাই কাইলৈ পুৱা এঘাৰ বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷